Posts

Showing posts from November, 2018

অনুশোচনা

অনুশোচনা     ✍ধনটি নেওগ   "অনুস্মিতা বিয়া সোমালে " কথাষাৰ শুনি অভিনৱ অস্হিৰ হৈ পৰিল। সি অলপ সময় ঠৰ লাগি ৰ'ল। লগে লগে তাৰ মনটো ৬ বছৰ অতিতলৈ উভতি গ'ল। তাৰ মনত পৰিল এদিন সি ভূলতে পঠোৱা মেছেজটোৰ কাৰণে কেনেকৈ দুয়ো আপোন হৈ পৰিছিল। সি তাইক মনে মনে ভাল পায় পেলাইছিল । কিন্তু তাইক সি ভাল পাঁও বুলি এবাৰো কবলৈ সাহস নকৰিলে। কোৱা হ'লে হয়টো আজি সি অনুশোচনা কৰিব লগা নহল হয়।   আজি বহুত দিনৰ মূৰত অভিনৱ মোমায়েকৰ ঘৰলৈ আহিছে। আহিয়েই সি অনুস্মিতা বিয়া সোমোৱা বুলি শুনি কি কৰো কি নকৰো একো ভাৱিয়েই নাপালে। মনৰ আপোনজন হেৰাই গলে কেনেকোৱা অৱস্হা হয় বুজা জনেহে বুজিব। অলপ পিচত অভিনৱৰ মোমায়েকৰ ল'ৰা অনুপললৈ অভিনৱে ফোন কৰিলে। অভিনৱ:: অই,অনু বিয়া সোমোৱা বুলি মোক কিয় ইমান দিনে নকলি? অনুপল:: মই গম নাপাঁও । গম পোৱা হ'লে মই তোক জনালো হেঁতেন। তোক কোনে ক'লে নো? অভিনৱ:: ৰজিয়ে ক'লে।অই তই মোৰ পৰা এটা কথা কিয় লুকুৱাই থলিনো? অনুপল:: মই তোৰ পৰা কি লুকুৱালো নো? অভিনৱ:: তই মোক অনুৰ কিছুমান কথা সম্পূৰ্ণকৈ নকলি।তই জানিছিলি যে মই আকাশ নামেৰে তাইৰ লগত কথা পাতো বুলি ।আৰু এটা কথা তাই আক